lab icon
Doctor verified article

Stages of Piles in Assamese

গুহ্যদ্বাৰেদি তেজ ওলোৱাকে ঘৰুৱা ভাৱে সকলোৱে পাইলচ্ বা অৰ্শ হোৱা বুলি ভাবি লয়। গুহ্যদ্বাৰৰ পৰা তেজ ওলোৱাটোয়ে পাইলচ্ নহয়। গুহ্যদ্বাৰত কেইবাটাও বেমাৰ হয় আৰু তাৰ মাজৰ এটাকহে পাইলচ্ বা Haemorrhoid বুলি কয় চিকিৎসা বিজ্ঞানৰ সুত্ৰ মতে।

এইটো বেমাৰ হলে পায়ু দ্বাৰেদি মুক্ত ভাৱে তেজ ওলাই আহে। অৰ্শৰ কেইবাটাও পৰ্যায় থাকে, তাৰে প্ৰথম পৰ্যায়ত অকল তেজ ওলায়, ২য় পৰ্যায়ত তেজৰ লগত মাংসৰ পিণ্ড এটাও ওলাই আহে আৰু শৌচ কৰা শেষ হলে নিজে নিজে পিণ্ড টো সোমাই যায়। ৩য় পৰ্যায়ত মাংসপিণ্ড টো ওলাই আহি বাহিৰত থাকি যায়, পিণ্ডটোক হাতেৰে ঠেলি দিলেহে ভিতৰত সোমাই যায়, ৪ৰ্থ পৰ্যায়ত পিণ্ড টো ঠেলিলেও সোমাই নাযায়। মন কৰিব লগীয়া যে, প্ৰত্যেক পৰ্যায়তে তেজ সাধাৰণতে ওলায়, কিন্তু #বিষ নাথাকে।

এই বেমাৰটোৰ প্ৰধান কাৰণবোৰ হ'ল বহু দীঘলীয়া সময়ৰ বাৱে শৌচ টান (Constipation) হৈ থকা , শৌচাগাৰত অধিক সময় বহা বা শৌচ কৰিবলৈ বল প্ৰয়োগ কৰা ইত্যাদি।

চিকিৎসা:

অৰ্শ নিৰাময় কৰাত আয়ুৰ্বেদিক আয়ুর্বেদিক চিকিৎসা পদ্ধতি অত্যান্ত ফলপ্ৰসু। অৰ্শৰোগ হোৱা বুলি নিশ্চিত হলে এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা গ্ৰহন কৰিৱ লাগে।

গুহ্যদ্বাৰৰ অন্যান্য বেমাৰবোৰ হল- ফিছটুলা, ফিছাৰ ইন এনো, ৰেকটেল প্ৰলেপ্ছ, গুদপ্ৰদেশৰ কৰ্কটৰোগ ইত্যাদি।

হেয়েহে ৰাইজে, শৌচদ্বাৰৰ পৰা তেজ ওলালে বা গুহ্যপ্ৰদেশত হোৱা যিকোনো বেমাৰকে পাইলচ বুলি নিজে ভাৱিলৈ নিজে চিকিৎসা কৰা পৰিবৰ্তে ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লৱ লাগে।

All reactions:

654654





Our Services