lab icon
Doctor verified article

Piles in Details

আপুনি জানেনে, আপোনাৰ শৌচ টান হৈ থাকিলে আপোনাৰ পাইলচ্ ৰ দৰে যন্ত্ৰনাদায়ক বেমাৰ হৱ পাৰে?

শৌচ সঘনাই টান হৈ থাকিলেনো কি উপায় অৱলম্বন কৰিৱ পাৰি??

পাইলচ্ নো কি? বহুত চিকিৎসা কৰাৰ পিছত ও কিয় ই ভাল নহয় বাৰু? বহুতে আজিকালি কয় পাইলচ্ ৰ অপাৰেশ্বন আয়ুৰ্ৱেদিক Surgeon ৰ দ্বাৰা কৰালে বেছি ফলপ্ৰসু, কথাটো কিমান সঁচা নো?

গুহদ্বাৰেদি তেজ ওলোৱাকে ঘৰুৱা ভাৱে সকলোৱে পাইলচ্ হোৱা বুলি ভৱি লয় আৰু ফাৰ্মাছীৰ পৰা ঔষধ কিনি খোৱা আৰম্ভ কৰে। কিছু ক্ষেত্ৰত চিকিৎসকৰ ওচৰত যায় যদিও লাজৰ বাবে চিকিৎসকক ক্ষেত্ৰটো ছাৱ নিদিয়ে বা প্ৰয়োজনীয় পৰীক্ষা কৰিৱ সন্মত নহয়। তেনেকৈ বেমাৰটোয়ে সঠিক চিকিৎসা নাপায় আৰু সময়ত ৰোগীজন তেজক্ষণন হোৱাৰ ফলত অত্যাধিক Anaemia ত ভুগে, কিছু ক্ষেত্ৰত তো তাতকৈ অধিক গুৰুতৰ Complications ও দেখা দি দিয়ে। সেয়েহে বেমাৰটোৰ বিষয়ে সঠিক জ্ঞান আৰু প্ৰয়োজনীয় চিকিৎসা লোৱাটো ৰুগীজনৰ বাৱে ভাল।

গুহদ্বাৰ (Anus)ৰ পৰা তেজ ওলোৱাটোয়ে পাইলচ্ নহয়। সেই ক্ষেত্ৰটোত কেইবাটাও বেমাৰ হয় আৰু তাৰ মাজৰ এটাকহে পাইলচ্ বা Haemorrhoid বুলি কয় চিকিৎসা বিজ্ঞানৰ সুত্ৰ মতে।

গুহদ্বাৰৰ সেই ক্ষেত্ৰটোত মুলত ৫টা বেমাৰ, যিকেইটাক ৰাইজে একে লগে পাইলচ্ বুলি ভাৱি লয়, যি সম্পুৰ্ণভাৱে ভুল। প্ৰত্যেকটো বেমাৰেই বেলেগ বেলেগ, কিছুমান কাৰক একেই, কিন্তু বেমাৰ কেইটাৰ লক্ষণ আৰু চিকিৎসা সম্পুৰ্নভাৱে বেলেগ বেলেগ।

বেমাৰ কেইটা হ’ল-

👉অৰ্শ(Haemorrhoid/Piles): এইটো বেমাৰ হলে পায়খানাৰ দ্বাৰেদি মুক্ত ভাৱে (Free Flow) একে বাৰতে বহুখিনি তেজ ওলাই আহে। টেপৰ পৰা পানি ওলোৱা নিচিনাকৈ। অৰ্শৰ কেইবাটাও পৰ্যায় থাকে, তাৰে প্ৰথম পৰ্যায়ত অকল তেজ ওলায়, ২য় পৰ্যায়ত তেজৰ লগত মাংসৰ টুকুৰা এটাও ওলাই আহে আৰু শৌচ কৰা শেষ হলে নিজে নিজে টুকুৰাটো সোমাই যায়। ৩য় পৰ্যায় সেই টুকুৰাটো ওলাই আহি বাহিৰত থাকি যায়, টুকুৰাটোক হাতেদি ঠেলি দিলেহে ভিতৰত সুমাই যায়, ৪ৰ্থ পৰ্যায়ত সেই টুকুৰাটো ঠেলিলেও সোমাই নাযায়। মন কৰিব লগীয়া যে, প্ৰত্যেক পৰ্যায়তে তেজ সাধাৰণতে ওলায়, কিন্তু #বিষ নাথাকে।

এই বেমাৰটোৰ প্ৰধান কাৰণটো হল বহু দীঘলীয়া সময়ৰ বাৱে শৌচ টান (Constipation) হৈ থকা। অনেকেই শৌচ টান(Constipation) ক অৱহেলা কৰে আৰু সময়ত অৰ্শত ভুগে। Constipation ৰ পৰা বাছি থাকিৱলৈ Fibre Diet বেছিকৈ গ্ৰহন কৰিৱ লাগে আৰু বেছি দীঘলীয়া হলে চিকিৎসকৰ পৰামৰ্শ লৱ লাগে।

অৰ্শৰ লক্ষণ দেখা দিয়া মাত্ৰকে চিকিৎসকৰ লগত যোগাযোগ কৰিৱ লাগে। আৰাম্ভনিতে পৰামৰ্শ ললে সাধাৰন চিকিৎসক (MBBS/BAMS) য়ে বেমাৰটো ভাল কৰিৱ পাৰে, কিন্তু Complications হৈ গলে Surgeon ৰ দৰকাৰ হয়। Complications হৈ যোৱাৰ পিছতো ঘৰুৱা চিকিৎসা কৰি থাকিলে ৰোগীজনৰ স্বাস্থ্যৰ বহুত ক্ষতি হয়।

👉পৰিকাৰ্তিকা(Fissure): এইটো বেমাৰ হলে, গুহদ্বাৰ(Anus) দি অলপ অলপ তেজ ওলায়, মুলত তেজখিনি পায়খানাৰ বস্তু( Stool) ৰ লগত লাগি লাগি ওলায় আৰু ৰুগীজনে তীব্ৰ বিষ(Cutting Pain) অনুভৱ কৰে। কেতিয়াৱা গুহদ্বাৰত গুটি এটাও দেখা দিয়ে। এই বেমাৰটোৰ কাৰণো মুলত টান শৌচ(Constipation).

লক্ষণ দেখা দিয়া মাত্ৰকে চিকিৎসকৰ লগত যোগাযোগ কৰিৱ লাগে। আৰাম্ভনিতে মৰামৰ্শ ললে সাধাৰন চিকিৎসক (MBBS/BAMS) য়ে বেমাৰটো ভাল কৰিৱ পাৰে, কিন্তু Complications হৈ গলে Surgeon ৰ দৰকাৰ হয়। Complications হৈ যোৱাৰ পিছতো ঘৰুৱা চিকিৎসা কৰি থাকিলে ৰোগীজনৰ স্বাস্থ্যৰ বহুত ক্ষতি হয়।

ইয়াৰ চিকিৎসা সম্পুৰ্ণ বেলেগ। বহুতে ইয়াক ও পাইলচ্ বুলি ধৰি লৈ ঘৰুৱা চিকিৎসা কৰে আৰু বেমাৰটো ভাল নহয় বুলি হাবাথুৰি খায়।

👉ভগন্দৰ( Fistula-in-ano): এইটো বেমাৰত সাধাৰনতে গুহদ্বাৰেদি তেজ নোলায়, পুজ( Pus) ওলায় বা গুহদ্বাৰৰ ওচৰে পাজৰে ফুটা এটা হৈ, তাৰ পৰা তেজ, পুজ বা মল ওলায়। লক্ষন দেখা দিয়া মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ লওক। এই বেমাৰত Ayurvedic Surgeon সকলে ক্ষাৰসুত্ৰ নামৰ এক Special Procedure কৰে, যি Procedure

ৰ সফলতাৰ হাৰ লেখত লবলগীয়া।

👉গুদভ্ৰম্শ( Rectal Prolapse): এইটো বেমাৰত, গুদ(Rectum) ৰ অংশ গুহদ্বাৰেদি ওলাই আহে। তেজ ও ওলাৱ পাৰে। লক্ষন দেখা দিয়া মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ লওক।

👉গুদকৰ্কটৰোগ (Rectal Cancer): এইটো বেমাৰত গুহদ্বাৰেদি তেজ ওলোৱাৰ লগতে অইন আৰু কিছু লক্ষন দেখা দিয়ে। চিকৎসকে পৰীক্ষা নিৰিক্ষা কৰি এই ৰোগৰ নিৰুপন কৰে।

Author- Dr. Firoz Ahmed

Contact author- 7002640023

Note: The above explained diseases are common diseases of Ano-Rectal region. Writeup is purely for awareness purpose, donot replace a Medical advice.

Visit a Doctor as you witness sign symptoms stated above.

All reactions:

207207





Our Services