lab icon
Doctor verified article

এচিডিটি, গেছৰ ঔষধ, Peptic/Gastric Ulcer, H Pylori, Sucral-O ইত্যাদি-

এচিডিটি মানে হল, পাকস্থলীত অতি মাত্ৰা এচিডৰ নিহৰণ(release)। স্বাভাৱিক ভাবেই আমাৰ খোৱা খাদ্য হজম কৰিৱলৈ এক বিশেষ মাত্ৰাৰ এচিড আমাৰ পাকস্থলিত release হয়, সেই release যেতিয়া অতি মাত্ৰাত হয়, সেই Condition টো কে এচিডিটি কোৱা হয়। যেতিয়া সেই এচিডিটি কম পৰিমানত হয়, তেতিয়া ৰোগীজনৰ টেঙা ওগাৰ আহে আৰু বহু বেছি পৰিমানৰ এচিডিটি হলে, বমি ভাৱ হয় বা বমি হৈ যায়। তেনেকুৱা বমি হলে সাধাৰনতে অন্ঠ-কন্ঠ জলি যোৱা দৰে অনুভৱ হয় আৰু মুখৰ ভিতৰত বিকট অনুভৱ হয়।

এতিয়া আহক বুজি লও, এই অতিমাত্ৰা Acid Release কিয় হয় আৰু ইয়াৰ সমিধান কি!

Release হোৱা Acid ৰ কাম হল, খোৱা খাদ্যৰ পাচন প্ৰক্ৰিয়াত সহায় কৰা। আমাৰ শৰিৰে খাদ্য খোৱাৰ পিছত, এটা Assessment কৰে যে কিমান পৰিমানৰ acid ৰ প্ৰয়োজন হৱ আৰু সেই পৰিমান মতে acid release কৰে।আমি সঠিক ভাৱে খাদ্য গ্ৰহন নকৰা বাবে আৰু অন্যান্য বহু কাৰনত

এই assesment ত ভূল হয় আৰু প্ৰয়োজনতকৈ বেছি পৰিমানৰ acid release কৰি দিয়ে।

ইয়াৰ লগতে আৰু এক কাৰনত বেছি acid release হয়। সেয়া হল, H.Pylori Infection. এইবিদ Bacteria য়াই কৰা Infection ৰ বাবে ৰোগীৰ বহু দিনিয়া acidity ৰ সমস্যা হয়। ৰোগীয়ে বহু চিকিৎসা পাতি কৰে, বহু দামী দামী Gastritis ৰ দৰৱ খায় কিন্তু ভাল নহয়, তেনে বহু ৰোগী Test কৰিলে H.Pylori ৰ উপস্থিতি ধৰা পৰে।

এতিয়া আহক বুজি লও সমিধান সম্পৰ্কে।

যেতিয়া এচিডৰ পৰিমান বেছি হৈ থাকে তাক তৎক্ষণাত Neutralise কৰাৰ বাবে আমি Alkali/Basic দ্ৰব্য লৱ পাৰো। অৰ্থাৎ আমাৰ পাকস্থলিত Acid আছে আমি তাত Base/Alkali দি দিলে, acid-base reaction হৈ salt and water ৰ উৎপন্ন হৱ, আৰু acid খিনি Nutralise হৈ যাৱ( M.E./High School Science Concept). তেনেকুৱা Base/Alkali মানুহে ব্যাৱহাৰ কৰিৱ পৰাকে ফাৰ্মাছীবোৰত Antacid হিচাপে ওপলব্দ, যেনে ENO, Digene, Antacid Syp ইত্যাদি।

Existing acid nutralise কৰিৱলৈ antacid ব্যাৱহাৰ কৰিৱ পাৰি আৰু Excessive acid release নহৱলৈ আমি বিভিন্ন ধৰনৰ Acid release inhibitor ব্যাৱহাৰ কৰো যেনে Ranitidine(aciloc etc), pantaprazole, rabiprazole, lansoprazole, esomaprazole ইত্যাদি।

ইয়াত মন কৰিৱলগীয় কথা যে, এই ঔষধবোৰ বিভিন্ন Company য়ে বেলেগ বেলেগ নামত আৰু দামত বিক্ৰী কৰে। উদাহৰণস্বৰপে, Pantaprazole 40mg টো এটা Company e Pan 40 বুলি বিক্ৰী কৰে, আন এটাই Pantocid 40, কোনোৱাই আকৌ Pantosig 40 বুলি। বস্তু একেটাই, মাত্ৰ বেলেগে বেলেগে বেলেগ বেলেগ নামত বিক্ৰী কৰে। তেনেকৈ Rabiprazol 40mg ক এজনে Rablet 40 বুলি, আনজনে আকৌ Razo 40 বুলি।

এই ঔষধবোৰৰ ক্ষেত্ৰত আন এক ভ্ৰান্ত ধাৰনা আহে, ঔষধবোৰৰ নামৰ পিছত লিখা Letter বোৰৰ বিষয়ে। যেনে Pan ৰ পিছত DSR , Rablet ৰ পিছত D, Sompras ৰ পিছত L বা IT ইত্যাদি। SR letter দুটাই বুজায়, Sustain Release, অৰ্থাৎ ঔষধ সেৱন কৰা মাত্ৰকে গোটেই Molecule টো absorb/acting হৈ নাযায়, ই এক নিৰ্দিষ্ট সময় লৈ active হৈ থাকে। SR tablet ৰ বহু benefit আছে আৰু আপোনাৰ ৰোগৰ পৰিস্থিতি অনুধাৱন কৰি SR tablet ৰ Suggestion চিকিৎসকে দিয়ে। পিছত বহু letter ৰ ভিতৰত Common হল , D, L,IT. D থকা মানে হল, ঔষধটোত Domperidon বুলি এটা Molecule add হৈ আছে, L মানে হল, levosulpuride বুলি এটা molecule add হৈ আছে, IT মানে হল itopride বুলি এটা molecule add হৈ আছে। সেইমতেই নামবোৰ হয় যেনে Pantop DSR, Rablet D, Sompras L, Sompras D, Sompras IT ইত্যাদি।

ওপৰত ওল্লেখিত Wrong assesment ৰ বাবে, অত্যাধিক acid release কৰাৰ বাবে হোৱা acidity বা H pylori infection ৰ বাবে হোৱা এচিডিটি ৰ সমাধান যদিও ওপৰত কিছু আৱাস দিৱ চেষ্টা কৰিলো, ৰাইজলৈ বিনম্ৰ অনুৰোদ যে acidity ক lightly লৈ Self Medication যাতে নকৰে, কাৰন বহুদিন হৈ থকা acidity য়ে পাকস্থলিত ঘা কৰিৱ পাৰে যাক Ulcer বুলি কয়। Ulcer ৰ ভয়ঙ্কৰ ৰূপত Perforation পৰ্যন্ত্য কৰিৱ পাৰে। এই খিনিতে জনাও যে Sucral-O কোনো Gas/Gastritis/Acidity ৰ ঔষধ নহয়, এই মাত্ৰ ওল্লেখ কৰা Ulcer ৰ হে ঔষধ Sucralfate, যাক আমি Pharmacy ৰ পৰা Sucral বা Sucrafil বুলি কিনি আনো। Sucral ৰ লগত লাগি থকা ‘O’ অৰ্থ হল যে তাত Oxetacain বুলি এটা Molecule add হৈ আছে, যি হল local anaesthesia medicine. Ulcer ৰ বাবে যিহতু অত্যাধিক বিষ অনুভৱ হয় আৰু সেই বিষত দিৱ পৰা বিশেষ বিষৰ ঔষধ নাই, তাৰ বাবে সেই এনেছথেছিয়া দি বিষৰ অনুভৱ নহোৱা কৰি ৰখা হয়, গতিকে আপুনি নিজে অনুভৱ কৰক হয়, নহয় গেছৰ দৰৱ বুলি Sucral O খাই থকা সকলে নিজৰ শৰীৰৰ লগত কিমান অন্যায় কৰি আছে।

শেষত আহো, আমাৰ শৰীৰে সঠিক পৰিমানক কিয় Acid Release কৰাত ব্যাৰ্থ হয় আৰু acidity ত ভোগাত আমাক বাধ্য কৰে।

দৰাচলতে এয়া ৰোগীভেদে পৰিস্থিতি ভেদে বেলেগ বেলেগ হয়, ৰাইজে চিকিৎসকৰ পৰামৰ্শ লৈ বুজি লৱ লাগে তেওৰ কিয় হৈ আছে আৰু সেইমতে চিকিৎসকে দিয়া পৰামৰ্শৱলী পালন কৰিৱ লাগে।

✍️ ডা: ফিৰোজ আহমেদ

Ex SRF

Gastro Intestinal Diseases at RARI

+91 7002640023

All reactions:

357357





Our Services