lab icon
Doctor verified article

Gastritis in Assamese

পেটত হোৱা গেছ, গেষ্টাইটিচ, এচিডিটি, গেছৰ টেৱলেট, কম দামী টেৱলেট-বেচিদামী টেৱলেট, লিভাৰৰ ঔষধ, গেষ্ট্ৰ-এন্ট্ৰলোজী আৰু ৰাইজৰ মাজত থকা ভ্ৰম তথা ভুল ধাৰনা সমুহ-

দৈনিক যিমান ৰুগী মোৰ ওচৰলৈ আহে, তাৰ অধিকাংশই ওপৰৰ ওল্লেখিত শব্দবোৰৰ লগত ইমান বেছি ভুল ধাৰনা লৈ বহি থাকে যে, Practice ৰ আধা সময় তেওলোকক বুজাওতেই যায়। কিছুমানে এই ধাৰনা বছৰ বছৰ ধৰি পুহি ৰাখিছে যে মই শুদ্ধ ধাৰনা বুজাই দিয়াৰ পিছতো, কিছুমানে নিজা কিছু কনচেপ্ত লগায়। উদাহৰণ স্বৰুপে- এজন ৰুগীয়ে যোৱা কালি কলে তেও দৈনিক গৰম পানী খায়, সেয়ে তেখেতৰ গেছৰ সমস্যা নহয় আৰু তেওৰ ছোৱালীজনীক যেতিয়া এন্টিবায়টিক ৰ লগত Pantapazole এটা দিলো, তেখেতে কলে-ছাৰ সেইটো ঔষধ নালাগে দিৱ, ছোৱালীজনীক গৰম পানী খাৱ দিৱ। মই সুধিলো গৰম পানীয়ে Pantaprazole ৰ কাম কৰিৱ? তেখেতৰ উত্তৰ-ছাৰ সেই ওষধটো আপুনি গেছৰ বাবে দিয়া নাই জানো, গৰম পানীয়ে গেছৰ ভাল কাম কৰে, মই নিজে প্ৰমান পাইছো।

উত্তৰটো শুনি মই অলপ থতমত খালো, অবাক হলো যে মানুহে কেনেকুৱা কনচেপ্ট মগুজুত সোমাই ৰাখিছে।

যোৱা শনিৱাৰে কিডনি ৰোগী এটাৰো কেনেকুৱা wrong concept ৰ বাবে আজি কিডনিৰ condition বেয়া। ভলকৈ

সুধোতে গম পালো, যোৱাটো ১০ বছৰে Dexona tablet খাই আছিলে। কিয় খাই আছিলে বুলি সুধি যি উত্তৰ পালো, সেয়া অকল্পনীয়। টেৱলেট টো খালে ভাত বেছিকৈ খাৱ পাৰি-শকত হৱ পাৰি, সেয়ে তেখেতে খাই আছিলে। Dexona tablet ৰ immediate side effect যিকেইটা, সেইকেইটাক Medicineটোৰ ভাল গুণ বুলি ভৱি ললে মানুহজনে আৰু অকালতে কিডনিটোৰ বাবে এক সমস্যা মাতি আনিলে।

সেইদিনা আকৌ এজন ব্যাক্তি পালো,যিজনে চুনশিল খাই আছিলে গেছৰ Treatment হিচাপে আৰু বেলেগকো পৰামৰ্শ দি আছিলে চুনহিল খাৱ। তেখেতৰ পৰামৰ্শ শুনি যে কাৰোৱাৰ Abdominal perforation হৈ নাযাৱ তাৰ কি মানে আছে??

ৰাইজক আহব্ৱান জনাও, প্ৰথম শাৰীত ওল্লেখ কৰা বেমাৰবোৰ যদিও সৰু সৰু বেমাৰ, ভ্ৰান্ত ধাৰনাৰে আপুনি ডাঙৰ বেমাৰ মাতি নানিৱ। বেমাৰ হলে, চিকিৎসৰ পৰামৰ্শ লওক। Doctor ৰ Fee দিয়াৰ যদি আপোনাৰ অসুবিদা হয়, প্ৰয়োজনত চৰকাৰী চিকিৎসালয়ত যাওক, বহুত উন্নত মানৰ চিকিৎসা তাত নাপালোও কমছে-কম ক্ষতি হোৱাকেতো একো নহয় তাত।

বেমাৰবোৰৰ ওপৰত সচেতনতাৰ বহু প্ৰয়োজন আছে। সময়ে সময়ে কিছু লেখা-মেলা মই কৰিৱ যত্ন কৰিম, কিন্তু সময়ৰ অভাৱত কিমান পাৰো Doubt আছে। চিকিৎসা বিজ্ঞানৰ লগত জৰিত ব্যাক্তি সকলক মোৰ আহব্ৱান সকলোয়ে এই Topic বিলাকত অলপ সচেতনাৰ বৃদ্ধিৰ চেষ্টা কৰিৱ।

এতিয়া আহো Topic বোৰৰ সংক্ষিপ্ত আলোচনাত, বহলাই ভৱিষ্যতত লিখিম বাৰু।

গেছ শব্দটো আচলতে Misuse হৈ আছে, গেছবুলি কোনো বেমাৰ নাথাকে। কেতিয়াৱা আপোনাৰ শৌচ-দ্বাৰদি যি বতাহ( পাদ) ওলাই যায়, তাক যদিও আপুনি গেছ বুলি কৱ পাৰে, বা পেটতো ফুলি থকা আৱস্থাক পেটত গেছ আছে বুলি কোৱাটো যদিওচা সমিচিন, কিন্ত তাৰ Treatment গেছৰ ঔষধ বুলি Pan 40 খোৱোটো নহয়। আমাৰ পেটত যেতিয়া খাদ্যবস্তু ভালকৈ হজম নহয় বা শৌচ টান হোৱা হেতুকে বা সময়ত শৌচ নকৰিলে, আধা হজম হোৱা খাদ্য বা মলৰ ওপৰত আমাৰ শৰীৰত থকা আমাৰ বন্ধু বেকটেৰিয়াৰা বোৰে তাৰ ওপৰত কৰা ক্ৰিয়াৰ ফলত গেছ-বতাহ ৰ ওৎপত্তি হয়, যেয়ে পেটো ফুলাই ৰাখে বা পাদ হিচাপে ওলাই যায়।

এই অৱস্থাৰ Treatment সম্পুৰ্ণ বেলেগ। পেট গেছত ফুলি আছে বুলি Pan D এটা খাই দিয়া, এটা Misconception.

লিখনি দীঘল হোৱা হেতুকে বাকি Condition খিনিৰ আলোচনা Next লিখনিত লিখিম বাৰু।

✍️ডা: ফিৰোজ আহমেদ

Ex SRF, RARI for Gastro-Intestinal Diseases.

All reactions:

2.5K2.5K





Our Services