lab icon
Doctor verified article

Constipation and Gastritis Connection

শৌচ টান হোৱা আৰু গেছৰ সমস্যা....
আজিৰ ফাষ্টফুডৰ যুগত গেছৰ সমস্যা ইমানেই বেছি যে, গেছৰ ঔষধ বিক্ৰী কৰি হাজাৰ হাজাৰ ফাৰ্মাছী চলি আছে। চলি আছে বহু ঘৰুৱা বিধি(Home Remedy)। আমি যথাচিত চেষ্টা কৰিছো বেমাৰটোৰ চিকিৎসাৰ বাবে আৰু আমি পইছা নষ্ট কৰি থকাই নহয়, হকে বিহকে ঔষধ খাই কৰি আছো আমাৰ Body ৰ লগত অক্ষমনীয় অপৰাধ। যি বেমাৰ সামান্য দৈনিক নিয়মাৱলীৰ সালসলনিৰে ঠিক কৰিৱ পৰা গল হেতেন, হেই বেমাৰে Ulcer/perforation স্থিতি লৈ গতি কৰি আছে। যোৱা কালি Hospital Emergency ত এটা Perforation case পালো আৰু সোধা পোছা কৰোতে গম পালো, ৰোগীজনে অজ্ঞাতে বেমাৰটোক নিমন্ত্ৰন কৰি আনিছে।
সেয়ে এটা লিখনি সজাগতাৰ বাবে আগবঢ়ালো-
এটা কথা আৰম্ভনিতে উল্লেখ কৰো যে, আমাৰ শৰিৰটো ভগৱানে বহুত সুন্দৰ বাবে বনাই দিছে আৰু এই শৰিৰ পৰিচালনাৰ এক অতি সুন্দৰ ব্যাৱস্থাপনা বনাই দিছে, আমি নিজে ইয়াক আৱৰ্জনাৰ ডেৰ বনাই লৈছো।

দৈনিক সুস্থ-আহাৰ গ্ৰহণ কৰিলে, গেছৰ সমস্যা সম্ভাৱনা অতিকে কম। অফিছ বা অন্যান্য ব্যাস্ততাৰ বাবে বহুতে কয় যে সুস্থ-আহাৰ গ্ৰহন কৰাত অসুবিধা। ইয়াত মোৰ মতামত হল যে, কামৰ তাগিদাত শৰিৰ যদি অসুস্থ কৰি লয় অখাদ্য খাই আৰু কষ্টোপাৰ্জিত ধন যদি হচপিটালকে দিৱ লগা হয়, তেন্তে কেনে কথা হয়।
ৰাতিপোৱা এক সুস্থ ভোজন কৰি ওলাওক, দুপৰীয়াৰ বাবে টিফিন লৈ লওক আৰু ৰাতি ঘৰত ভাল ভোজন কৰক। এই প্ৰক্ৰিয়াত তো নিশ্চয় কৰ্মব্যাস্ততাই সুখাদ্য খোৱাদ বাধা নিদিয়ে....

এতিয়া আহক জানো গেছৰ সমস্যাৰ কাৰক আৰু তাৰ প্ৰতিৰোধ সম্পৰ্কে-
প্ৰথম আৰু Extremely Common কাৰন হল, শৌচ টান হোৱা। শৌচ টান হোৱাৰ প্ৰধান কাৰন হল, খাদ্যত Fibre ৰ কম খোৱা।খাদ্যৰ উপাদান বোৰৰ বিষয়ে আমি সকলোয়ে LP School ত শিকিছিলো বা আমাৰ সন্তান বোৰক শিকাও কিন্তু আমি ডাইনিং টেবুলত বহি পাহৰি যাও। শাৰিৰিক শক্তিৰ বাবে Carbohydrate, শৰিৰ গঠনত Protein ইত্যাদিৰ যি ধৰনৰ প্ৰয়োজন, তেনে ধৰনে Fibre ও অতি প্ৰয়োজনীয়। আজিৰ পৰা Lunch Dinner কৰোতে সদায় এই কথা মন কৰিৱ বুলি আশা থাকিল।

যেতিয়া প্ৰয়োজনীয় Fibre খোৱা নহয়, আমাৰ শৌচৰ ইচ্ছা নহয়। In english if i say, when we eat sufficient Fibre on the Diet, it goes to Rectum and make the urge of Defeacation. Incomplete filling of Rectum do not Produce feel of Toileting and Stool Remains on the Recum till it fills next day and thus we develop irregular bowel habit. Irregular bowel habit causes Delayed Gastric Emptying and the whole jeopardy begins.

Fibre in Diet কমি হোৱাত, দৈনিক শৌচৰ আগ্ৰহ নাজাগে, কাৰন ৰেকটাম ভৰি নোজোৱালৈকে শৌচৰ আগ্ৰহ নাহে। যেতিয়া দৈনিক শৌচ কৰা নাজায়, তেতিয়া গেষ্টিক এমটিং টাইম-অৰ্থাৎ পাকস্থলিৰ সময়মতে খালি নহয়। বহুত সময় যেতিয়া খাদ্যবস্তু পাকস্থলি বা অন্ত্ৰত থাকি যায় অযথকে, শৰিৰে সেইটোক পচাৱলৈ যন্ত কৰে আৰে বেছি এচিড নিসৰণ কৰে, যিয়ে পৰ্যায় ক্ৰমে Hyperacidity ৰ ৰূপ লয়। অন্ত্ৰত অধিক সময় মল থাকিযোৱাত তাত Bodily Bacteria বোৰে কাৰ্য্য আৰাম্ভ কৰে আৰু Abdominal গেছ ৰ সমস্যাৰ উদভৱ হয়। পেট ফুলি থকা , পাদ ওলোৱা Abdominal Gas ৰ লক্ষণ। টেঙা ওগাৰ, পেটত জলা অনুভৱ Hyperacidity ৰ লক্ষণ। পেট ভৰা ভৰা অনুভৱ, অভোক অনুভৱ Delayed Gastric Emptying ৰ সাধাৰন লক্ষন।

Fibre Diet উৎস সমুহ আমি প্ৰায় সকলোৱে জানো, শাক-পাচলি,অমিতা, বিভিন্ন ধৰনৰ ফলমুলত আহ বা Fibre উপলব্দ।
শৌচ থিকে ৰাখিৱলৈ বা এইবোৰ সমস্যাৰ নিৰাময়ৰ বাবে প্ৰয়োজনত Fibre in Medicine Form যেনে lexocare, lactoluse ইত্যাদি ব্যাৱহাৰ কৰিৱ পাৰে।

Junk Food ইত্যাদিও এটা অন্যতম কাৰক। Junk Food হজম কৰা Body ৰ বাবে টান কাম। কিছুমানৰ Body য়ে যদিও সহজতে হজম কৰে, long term ত সেয়া অতিকে ভয়ানক। Junk Food/Fast Food বনাওতে যি তেল-মছলা, ময়দা ইত্যাদি ব্যাৱহাৰ কৰে, সেইবোৰেই হল সমস্যাৰ কাৰণ। Body য়ে যেতিয়া Normal Process ত হজম কৰিৱ নোৱাৰে, তেতিয়া উপায়ন্তৰ হৈ বেছিকে এচিড নিসহৰণ কৰে আৰু আৰু উদভৱ হয় Hyperacidity. হজম নহোৱাকে যেতিয়া থাকি যায় বহু সময়, তেতিয়া উপৰত উল্লিখিত ধৰনে Abdominal Gas, Gastritis ইত্যাদি প্ৰক্ৰিয়া আৰম্ভ হয়।

Smoking/Tobacco ও এই সমস্যাৰ অন্যতম কাৰক। Smoking/Tobaco ত থকা যি Chemical য়ে Smook আৰু Gutkha ৰ Feel দিয়ে, Sense of Well Being দিয়ে, Same chemical য়ে আমাৰ পাকস্থলিত Irritation কৰি Hyperacidity and Gastritis ৰ জন্ম দিয়ে।

H.Pylori Infection ৰ বাবেও Gastritis হৱ পাৰে।
Liver সমস্যাই কেনেদৰে Gastritis ৰ জন্ম দিয়ে, সেই বিষয়ে পৰৱৰ্তি লিখনিত জনাম। 

Long standing Hyperactivity causes Gastric/Duodenal Ulcer and Ultimately untreated Ulcer causes Abdominal Perforation. এই Topic টোত ও পিছলে বহলাই লিখিম।

Dr Firoz Ahmed
Ex SRF,
AHC for Gastrointestinal Disorders.
 


To book an appointment with Dr Piyush Thakur, Who is visiting guwahati on 31st March,2024 Click here




Our Services